আজি ২৮ জুলাই

▶️১৭৫০ চনৰ এই দিনটোতেই ইউৰোপৰ বিশিষ্ট সংগীতশিল্পী যোহান ছেবাষ্টিন বাখৰ মৃত্যু।
▶️১৮২১ চনৰ আজিৰ দিনটোতেই পেৰুৰ স্বাধীনতা লাভ।
▶️১৯১৪ চনৰ আজিৰ দিনটোতেই ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্ট্ৰিয়াৰ যুদ্ধ ঘোষণা।জাৰ্মানীয়ে অষ্ট্ৰিয়াৰ পক্ষ লোৱাৰ বিপৰীতে ব্ৰিটেইন,ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষত থিয় দিয়ে।সূচনা হয় প্ৰথম মহাসমৰৰ।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই ৰসায়ন বিজ্ঞানত নোবেল বঁটা বিজয়ী (১৯৪৪) জাৰ্মান বিজ্ঞানী অটো হানৰ মৃত্যু।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল চৰণ সিং।১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই লছ এঞ্জেলছত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই মুফটি মহম্মদ ছৈয়ীদৰ ৰাজ্যসভাৰ সদস্য পদ খাৰিজ।দলত্যাগ বিৰোধী আইনৰ অধীনত সংসদৰ সদস্য পদ খাৰিজৰ ঘটনা এয়ে প্ৰথম।
▶️২০০১ চনৰ আজিৰ দিনটোতেই জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে মামণি ৰয়ছম গোস্বামীলৈ ২০০০ চনৰ জ্ঞানপীঠ বঁটা ঘোষণা।এই বঁটা লাভ কৰা তেৱেঁই প্ৰথম অসমীয়া মহিলা।।

 

You might also like
Leave A Reply

Your email address will not be published.