অমৃতসৰৰ সীমান্তত জব্দ ৫.৬ কোটি মূল্যৰ হেৰ’ইন!

নেচনেল ডেস্কঃ-

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ সফল অভিযান। অমৃতসৰৰ সীমান্তত কেইবা কোটি টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ। ভাৰত-পাকিস্তানৰ সীমান্তত পুনৰ জব্দ বৃহত্‍ পৰিমাণৰ নিষিদ্ধ হেৰ’ইন । সীমান্ত সুৰক্ষা বাহিনীয়ে অমৃতসৰৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৫.৬ কোটি মূল্যৰ নিষিদ্ধ হেৰ’ইন । আৰক্ষীয়ে হেৰ’ইন ভৰ্তি দুটা বটল উদ্ধাৰ কৰাৰ লগতে এখন মটৰ চাইকেল জব্দ কৰে । তথ্য অনুসৰি পাকিস্তানী চোৰাং ব্যৱসায়ীয়ে ড্ৰোণৰ জৰিয়তে সৰবৰাহৰ চেষ্টা কৰিছিল হেৰ’ইনখিনি । উল্লেখ্য যে, সীমান্ত অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ অপচেষ্টা দীৰ্ঘদিন ধৰি চলি আহিছে ।

You might also like
Leave A Reply

Your email address will not be published.