আজি ২৬ নৱেম্বৰ

➡️আজি আইন দিৱস।
➡️১৯৪৯ ভাৰতৰ সংবিধানৰ চূড়ান্ত ৰূপ। ইয়াৰ আগতে ১৯৪৭ চনৰ ২৯ আগষ্টত বি আৰ আম্বেদকাৰক অধ্যক্ষৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰে। ১৯৪৮ চনৰ ২১ ফেৱ্ৰুৱাৰীত এই সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰে আৰু ১৯৪৯ চনৰ এই দিনটোতে সংবিধানখনক চূড়ান্ত ৰূপ দিয়ে। গণ পৰিষদৰ দ্বাৰা ভাৰতৰ সংবিধান অনুমোদিত।
➡️১৯৬০ কানপুৰ আৰু লক্ষ্ণৌৰ মাজত ভাৰতৰ প্ৰথম এছ টি ডি সেৱা মুকলি।
➡️১৯৯৮ অসমৰ বিভিন্ন ঠাইত পাইপলাইন বিস্ফোৰণ, কেইবালাখ টকাৰ ক্ষতি।
➡️২০০১ তালিবানৰ অন্যতম ঘাটি কুন্দুৰ চহৰ নৰ্দাৰ্ন এলায়েন্সৰ দখল।
➡️১৮৯০ প্ৰখ্যাত শিক্ষাবিদ তথা জাতীয় অধ্যাপক সুনীতি কুমাৰ চট্টোপাধ্যায়াৰ জন্ম।
➡️১৯৯৮ পঞ্জাৱত ভয়াৱহ ৰে’ল দুৰ্ঘটনা। ২০০ জন যাত্ৰী নিহত। শিয়ালদহমুখী জম্মু-টাৱাই এক্সপ্ৰেছখন অমৃতসৰগামী ফ্ৰণ্টিয়াৰ গ’ল্ডেন টেম্পল মেইলৰ লাইনচ্যুত তিনিটা দবাত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা ঘটে।
➡️১৯৪১ লেবাননৰ স্বাধীনতা ঘোষণা।
➡️১৯২৬ শিল্পী ৰুদ্ৰ বৰুৱাৰ জন্ম।
➡️১৯৯৭ ভাৰতৰ সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সাংসদৰ ভোটবিৰোধী মঞ্চ গঠন।
➡️২০০৩ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অষ্ট্ৰেলিয়াৰ টেষ্ট ক্ৰিকেটৰ কেপ্টইন ষ্টিভ ৱ’ৰ অৱসৰ ঘোষণা।

You might also like
Leave A Reply

Your email address will not be published.