আজি ২৭ নৱেম্বৰ

➡️১০০১ আফগানিস্তানৰ গজনীৰ চুলতান মামুদৰ প্ৰথম ভাৰত আক্ৰমণ। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পেছোৱাৰত হোৱা যুদ্ধত ৰজা জয়পালৰ পৰাজয় আৰু পিছত আত্মজাহ। চুলতান মামুদৰ চতুৰ্দশ তথা অন্তিম অভিযান হয় ১০২৬ চনত।
➡️১৭০১ ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলচিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলচিয়াছৰ জন্ম।
➡️১৮৯৫ আলফ্ৰেড নোবেলৰ উইল ৰচনা, এই উইলৰ জৰিয়তে নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।
➡️১৯০৭ প্ৰসিদ্ধ হিন্দী কবি হৰিবংশ ৰায় বচ্চনৰ জন্ম।
➡️১৯৪০ বিশ্বৰ কিংবদন্তিস্বৰূপ চীনা সমৰ-কলাবিদ, প্ৰশিক্ষক, সমৰ-কলা চলচ্চিত্ৰ অভিনেতা ব্ৰুছ লীৰ জন্ম।
➡️১৯৩৯ শিল্পী বেণু মিশ্ৰৰ জন্ম।
➡️১৯৪১ কবি ভবেন বৰুৱাৰ জন্ম।
➡️১৯৫৩ নোবেল বঁটা বিজয়ী মাৰ্কিন নাট্যকাৰ ইউজিন অʼ নীলৰ মৃত্যু।
➡️১৯৯০ জন মেজৰ ব্ৰিটেইনৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত।
➡️২০০১ ঘনকান্ত বৰবায়ন আৰু গিৰীশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা।
➡️২০০৪ গুৱাহাটীত শিৱপ্ৰসাদ বৰুৱা ‘কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা’। প্ৰদান।

You might also like
Leave A Reply

Your email address will not be published.