আজিৰে পৰা মহানগৰবাসীৰ বাবে বিশেষ পথ নিৰ্দেশনা

ভাৰত-অষ্ট্রেলিয়াৰ T-20 মেচ উপলক্ষে এই নিৰ্দেশনা!

নিউজ ডেস্ক:

জিৰে পৰা মহানগৰবাসীৰ বাবে জাৰি কৰা হ’ল বিশেষ পথ নিৰ্দেশনা। মঙলবাৰে বৰ্ষাপাৰত অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্রেলিয়াৰ T-20 মেচ। মেচৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ ট্রেফিক আৰক্ষীয়ে জাৰি কৰিছে এই পথ নিৰ্দেশনা। জাৰি কৰা নিৰ্দেশনাৰ মতে NH-27 আৰু NH-17ত মালবাহী বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। ২৭ নবেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ২৮ নৱেম্বৰৰ নিশা ১২বজালৈ বলবৎ‍ থাকিব এই নিৰ্দেশনা। AK আজাদ ৰোড, AK দেৱ ৰোডতো বাহাল থাকিব এই নিৰ্দেশনা। লগতে তিনিচকীয়া বাণিজ্যিক বাহনৰ ক্ষেত্রতো প্রযোজ্য হ’ব এই নিৰ্দেশনা। স্কুল বাছ, জৰুৰীকালিন সেৱাৰ বাহনৰ ক্ষেত্রত নাথাকিব বাধা। ২৮ নৱেম্বৰত বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনি আলিলৈ ওৱান ৱে’। কাৰ পাছ নথকা বাহন বৰ্ষাপাৰা তিনি আলিৰে প্রৱেশ কৰিব নোৱাৰিব। ধীৰেনপাৰা তিনি আলি হৈ বৰ্ষাপাৰা ষ্টেডিয়ামলৈ প্রৱেশ কৰিব নোৱাৰিব বাহন।।

You might also like
Leave A Reply

Your email address will not be published.