আজি ২৭ ছেপ্টেম্বৰ

➡️আজি বিশ্ব পৰ্যটন দিৱস।
➡️১২৯০ চনৰ আজিৰ দিনটোতে চীনত প্ৰবল ভূমিকম্প হৈছিল আৰু প্ৰায় এক লাখ লোকৰ মৃত্যু হৈছিল।
➡️১৭৬০ চনৰ ২৭ ছেপ্টেম্বৰত মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাছিম বংগৰ নবাব হৈছিল।
➡️ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে’লগাড়ীৰ চলাচল আৰম্ভ হৈছিল ১৮২৫ চনৰ ২৭ ছেপ্টেম্বৰত ।
➡️১৮৩৩ চনৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হৈছিল।
➡️১৮৭০ চনৰ ২৭ ছেপ্টেম্বৰত ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্ৰাছিয়া ডেলেড্ডাৰ জন্ম হৈছিল । ১৯২৬ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰে।
➡বিপ্লৱী ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৭ ছেপ্টেম্বৰত।
➡️১৯২২ চনৰ ২৭ ছেপ্টেম্বৰত সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হৈছিল।
➡️১৯৩২ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ পৰিচালক যশ চোপ্ৰাৰ জন্ম হৈছিল । তেওঁৰ পৰিচালিত উল্লেখযোগ্য ছবি ‘ৱক্ত’, ‘দিৱাৰ’, ‘লমহে’, ‘ডৰ’, ‘দিল তো পাগল হ্যে’ আদি।
➡️ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল (৩৪ কিলোমিটাৰ) সাঁতুৰি অতিক্ৰম কৰিছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয়।
➡️১৯৯৮ চনৰ ২৭ ছেপ্টেম্বৰত জাৰ্মানীত নিৰ্বাচনত হেলমুট কোল পৰাজিত হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.