আজি ২৮ অক্টোবৰ

▶️১০১৭ চনৰ এই দিনটোতেই জাৰ্মান সম্ৰাট তৃতীয় হেনৰীৰ জন্ম হৈছিল।
▶️১৬২৭ চনৰ আজিৰ দিনটোতেই চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু হৈছিল।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই ভগ্নী নিবেদিতাৰ (প্ৰকৃত নাম মাৰ্গাৰেট এলিজাবেথ নোবেল) আয়াৰলেণ্ডত জন্ম হৈছিল। স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ কৰা এইগৰাকী নাৰীয়ে ভাৰতকে আপোন ঘৰ বুলি লৈ ভাৰতৰ সেৱাত আত্মনিয়োগ কৰে।
▶️১৮৬৭ চনৰ এই দিনটোতেই ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।
▶️১৯২২ চনৰ এই দিনটোতেই আলবেনিয়াৰ স্বাধীনতা ঘোষণা।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই কম্পিউটাৰ ছফটৱেৰ ইঞ্জিনিয়াৰ বিল গেটচৰ জন্ম হৈছিল।
▶️১৯৬০ চনৰ এই দিনটোতেই শিল্পী যুগল দাসে অংকন কৰা অসম সাহিত্য সভাৰ প্ৰতীকচিহ্ন সভাই গ্ৰহণ কৰিছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই দিলীপ পাৰিখৰ নেতৃত্বত গুজৰাটত ১৬ জনীয়া সদস্যৰে ৰাষ্ট্ৰীয় জনতা পাৰ্টীৰ মন্ত্ৰীসভা গঠন।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন ভাৰতীয় টেষ্ট অধিনায়ক গুলাম আহমেদৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ঢাকাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জীৱনৰ তিনিশতম এদিনীয়া মেচত অংশ লৈ মহম্মদ আজহাৰউদ্দিন এদিনীয়া ক্ৰিকেটত আটাইতকৈ বেছিসংখ্যক মেচ খেলা বিশ্বৰ প্ৰথমগৰাকী খেলুৱেৰূপে পৰিগণিত হৈছিল।
▶️১৯৯৯ চনৰ এই দিনটোতেই ভাৰতৰ বিৰুদ্ধে থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই অনুসুচিত জাতি-জনজাতিৰ ক্ষেত্ৰত থকা সংৰক্ষণ পুনৰ দহ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত।
▶️২০০০ চনৰ এই দিনটোতেই ২২ বছৰ কাৰ্যনিৰ্বাহৰ অন্তত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসুৰ মুখ্যমন্ত্ৰী পদৰ পৰা অৱসৰ ঘোষণা।।

You might also like
Leave A Reply

Your email address will not be published.