জনপ্ৰিয় ফুটবলাৰ পাবলো মাৰিক ছুৰীকাঘাটত আহত।ইটালীত বৃহস্পতিবাৰে সংঘটিত হোৱা ছুৰী আক্ৰমণৰ ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আৰ্চেনালৰ জনপ্ৰিয় ফুটবলাৰ পাবলো মাৰিকে ধৰি গুৰুতৰভাৱে আহত হৈছে চাৰিজন লোক। ইটালীৰ মিলান চহৰৰ বাহিৰত সংঘটিত হৈছিল এই ছুৰী আক্ৰমণৰ ঘটনা। আক্ৰমণকাৰী মানসিকভাৱে অস্থিৰ লোক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ইফালে আৰ্চেনালৰ স্পেনিছ ফুটবল খেলুৱৈগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে দলটোৰ কতৃপক্ষই। অবশ্যে খেলুৱৈ গৰাকীয়ে কোনো গুৰুতৰভাৱে আঘাত হোৱা নাই।।
