▶️১০৯৫ চনৰ এই দিনটোতেই ফ্ৰান্সত পোপ দ্বিতীয় আৰবানৰ পৱিত্ৰ জেৰুজালেম উদ্ধাৰৰ বাবে ধৰ্মযুদ্ধৰ আহ্বান।
▶️১৫৩৪ চনৰ আজিৰ দিনটোতেই চতুৰ্থ শিখ গুৰু ৰামদাসৰ পঞ্জাৱৰ লাহোৰত জন্ম হৈছিল।
▶️১৭৭৪ চনৰ এই দিনটোতেই ভাৰতৰ ইংৰাজ শাসক ৰবাৰ্ট ক্লাইভৰ ইংলেণ্ডত আত্মহত্যা।
▶️১৯১৭ চনৰ এই দিনটোতেই ‘বালফোৰ ঘোষণা পত্ৰ’ৰ জৰিয়তে ব্ৰিটেইনৰ পেলেষ্টাইনত ইহুদী সকলৰ বাবে এক জাতীয় গৃহভূমি প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ৫ লাখ খনি শ্ৰমিকৰ ধৰ্মঘট।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই আইৰিচ নাট্যকাৰ আৰু সমালোচক জৰ্জ বাৰ্নাড শ্বৰ মৃত্যু হৈছিল।
▶️১৯৫৩ চনৰ এই দিনটোতেই পাকিস্তান ইছলামিক গণতন্ত্ৰত পৰিনত।
▶️১৯৬৫ চনৰ এই দিনটোতেই চলচ্চিত্ৰ অভিনেতা শ্বাহৰুখ খানৰ জন্ম হৈছিল।
▶️১৯৭৬ চনৰ এই দিনটোতেই ভাৰতক এখন সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘোষণা কৰি সংবিধানৰ ৪২ তম সংশোধনী বিধেয়ক লোকসভাত অনুমোদিত।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ইন্দিৰা গান্ধীৰ হত্যাৰ প্ৰতিক্ৰিয়াত দেশত বিভিন্ন অঞ্চলত সংঘৰ্ষত ৫ শতাধিকৰ প্ৰাণহানি।
▶️১৯৮৭ চনৰ এই দিনটোতেই কাঠমাণ্ডুত ‘ছাৰ্ক’ শীৰ্ষ সন্মিলন আৰম্ভ।
▶️১৯৯০ চনৰ এই দিনটোতেই বাবৰি মছজিদ আক্ৰমণ কৰিবলৈ গৈ নিৰাপত্তাৰক্ষীৰ গুলীত বহু কৰসেৱকৰ মৃত্যু।সাম্প্ৰদায়িক সংঘৰ্ষ প্ৰতিৰোধৰ অৰ্থে উত্তৰ আৰু পশ্চিম ভাৰতৰ বহু অঞ্চলত সান্ধ্য আইন জাৰি।।
![](https://nebharat24.com/wp-content/uploads/2021/12/nebharat-square-150x150.png)