বিশিষ্ট সমাজ কৰ্মী, সমাজ প্রান অতুল গোস্বামীৰ দেহা অৱসান

নিউজ ডেস্ক:

বিশিষ্ট সমাজ কৰ্মী, সমাজ প্রান অতুল গোস্বামীৰ দেহা অৱসান। যোৱা কালি ৩১ অক্টোবৰ তাৰিখে বিয়লি ৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সমাজ প্ৰাণ অতুল গোস্বামীৰ দেহা অৱসান ঘটে। তেখেতৰ মৃত্যুত দেৰগাঁৱৰ অপুৰণীয় ক্ষতি হল। আজি পোৱা ৯ বজাত দেৰগাঁৱৰ সকলো দল সংগঠনকে ধৰি বিভিন্ন গন্য মান্য ব্যক্তি যে শেষ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ ঐতিহাসিক অসম আন্দোলনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল। তেখেতে দেৰগাঁও নগৰ সমিতি, বাপুজী মন্দিৰ, নৰেন শৰ্মা স্মৃতি সুৰক্ষা সমিতিকে আদি কৰি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেখেত ওৰেটো সমাজ জীৱনৰ লগত অৱদান আগবঢ়াই অহাৰ বাবে সমাজ প্ৰাণ উপাধি প্ৰদান কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। শোকস্তব্ধ দেৰগাঁৱত তেওঁৰ প্ৰতি সন্মান জনাই আজি দেৰগাঁৱৰ সকলো শিক্ষানুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায় বাণিজ্য এবেলাৰ বাবে বন্ধ ৰখা হয়।।

You might also like
Leave A Reply

Your email address will not be published.