ইণ্টাৰনেচনেল ডেস্ক:

আজিৰ পৰা চাংঘাই সহযোগিতা সংস্থা (SCO) সদস্য ৰাষ্ট্ৰসমূহৰ চৰকাৰ প্ৰধানসকলৰ ২১ সংখ্যক বৈঠক। ভাৰ্চুৱেল পদ্ধতিৰে অনুষ্ঠিত হব এই বৈঠক। বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। এই বৈঠকত এছ চি অ’ৰ সদস্য ৰাষ্ট্ৰ, পৰ্যবেক্ষক ৰাষ্ট্ৰ, এছ চি অ’ৰ মহাসচিব, তুৰ্কমেনিস্তানৰ এছ চি অ’ আঞ্চলিক সন্ত্ৰাসবাদ বিৰোধী গাঁথনিৰ কাৰ্যবাহী সঞ্চালক আৰু অন্যান্য আমন্ত্ৰিত অতিথিসকলে অংশগ্ৰহণ কৰিব। উলেখ্য যে, অঞ্চলটোত এছ চি অ’ৰ বিভিন্ন কাৰ্যকলাপ আৰু আলোচনা ব্যৱস্থাৰ লগতে এছ চি অ’ৰ কাঠামোৰ ভিতৰত অন্যান্য বহুপক্ষীয় সহযোগিতাত ভাৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে।।

You might also like
Leave A Reply

Your email address will not be published.