আজি ৩০ জুলাই

▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক কৰা হৈছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপহৰণ।
▶️২০০৩ চনৰ এই দিনটোতেই চিপিআই নেতা ফণী বৰাৰ মৃত্যু।
▶️১৭৭১ চনৰ এই দিনটোতেই ইংৰাজ কবি টমাছ গ্ৰেৰ মৃত্যু।
▶️১৭৮৪ চনৰ আজিৰ দিনটোতেই আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰোৰ মৃত্যু।
▶️১৯৯০ চনৰ এই দিনটোতেই বিশিষ্ট শিল্পপতি, বিৰলা গোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাপক মাধৱ চন্দ্ৰ বিৰলাৰ মৃত্যু।
▶️১৯৯৯ চনৰ এই দিনটোতেই প্ৰায় এশ বছৰৰ মূৰত পানামাৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ডাৰবানত বৰ্ণবৈষম্যবিৰোধী বিশ্ব সন্মিলন। ১৫০ খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই তালিবান সামৰিক বাহিনীৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছিল ওছামা বিন লাডেন।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই নৰ্মদা উপত্যকাৰ বিশাল অঞ্চল জলমগ্ন। দেশজুৰি প্ৰতিবাদ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই তদানীন্তন মুখ্য নিৰ্বাচন আয়ুক্ত জে এম লিংডো আৰু সমাজসেৱিকা শান্তা সিনহালৈ প্ৰসিদ্ধ ৰমণ মেগছেছে বঁটা ঘোষণা।
▶️১৮৯৮ চনৰ এই দিনটোতেই জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিছমাৰ্কৰ মৃত্যু।
▶️২০০৭ চনৰ এই দিনটোতেই ছুইডেনৰ যশস্বী চলচ্চিত্ৰ পৰিচালক ইংগমাৰ বাৰ্গমেনৰ ৮৯ বছৰ বয়সত মৃত্যু।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই সাহিত্যিক পদ্ম বৰকটকীৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.