আপোনাৰ বৃক্ক ভালে ৰাখিবলৈ আপুনি কি কৰাটো দৰকাৰ জানেনে??

নিউজ ডেক্স;

ৰীৰৰ প্ৰতিটো অংগই স্বাস্থ্য সবল ৰখাত বিশেষ ভূমিকা পালন কৰে। যদি এটা অংগয়ো সঠিকভাৱে কাম নকৰে, তেনেহ’লে শৰীৰত বিভিন্ন ধৰণৰ ৰোগ আৰু সমস্যাৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত এটা হৈছে বৃক্ক। যি শৰীৰৰ মলিনতা আঁতৰ কৰাত এক বিশেষ ভূমিকা পালন কৰে। বৃক্ক হৈছে শৰীৰৰ এক অংশ যি বহুতো অত্যাৱশ্যকীয় উপাদানৰ ভাৰসাম্য বজাই ৰাখে আৰু শৰীৰৰ ক্ষতিকাৰক এচিড বা অতিৰিক্ত আন উপাদান প্ৰস্ৰাৱৰ জৰিয়তে আঁতৰ কৰে। সেয়েহে বৃক্কৰ যত্নও অতি গুৰুত্বপূৰ্ণ। যদি আপুনি আপোনাৰ বৃক্ক ভালহৈ থকাটো বিচাৰে তেনেহলে কিছুমান খাদ্য খোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব।
প্ৰথমে নিমখ!যদিও শৰীৰৰ বাবে নিমখ অত্যাৱশ্যকীয়, ইয়াৰ অত্যাধিক সেৱনে বৃক্কৰ কাৰ্য প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। গতিকে সীমিত পৰিমাণৰ নিমখহে খাব লাগে। তেনেদৰে অত্যাধিক ৰেড মীট গ্ৰহণ বৃক্কৰ বাবে ক্ষতিকাৰক। সেয়েহে যিমান কমকৈ খোৱা যায় সিমানেই ভাল। তদুপৰি যদি আপুনি অধিক মিঠাই, কুকিজ আৰু শীতল পানীয় খাবলৈ ভাল পায়,তেন্তে এইবোৰৰ পৰা নিজকে আঁতৰাই ৰখাটো আপোনাৰ বাবে ভাল হ’ব। এলক’হলৰ পৰা পৰাপক্ষত দূৰৈত থাকক। কাৰণ সুৰাই কেৱল আপোনাৰ যকৃতৰ ক্ষতিয়েই নহয়,বৃক্ককো প্ৰভাৱিত কৰে। কফী বেছি খোৱাটোও বৃক্কৰ বাবে শুভ নহয়। কিয়নো ইয়াত কেফেইন থাকে আৰু কেফেইন জাতীয় যিকোনো বস্তু বৃক্কৰ বাবে ক্ষতিকাৰক।
বৃক্ক সুস্থ ৰাখিবলৈ হ’লে খোৱা বোৱাৰ ক্ষেত্ৰত এনেবোৰ সাৱধানতা অৱলম্বন কৰাটো মংগলদায়ক।

You might also like
Leave A Reply

Your email address will not be published.