অশান্ত মণিপুৰত আজিৰে পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ২১ জনীয়া বিৰোধী প্ৰতিনিধি দল

হিংসাজৰ্জৰ মণিপুৰত বিৰোধী মিত্ৰজোঁট I.N.D.I.Aৰ ২১ জনীয়া প্ৰতিনিধি দলে অধ্যয়ন কৰিব সামগ্ৰিক পৰিস্থিতি

নেচনেল ডেস্ক:

শান্ত মণিপুৰত আজিৰে পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ২১ জনীয়া বিৰোধী প্ৰতিনিধি দল। হিংসাজৰ্জৰ মণিপুৰত বিৰোধী মিত্ৰজোঁট I.N.D.I.Aৰ ২১ জনীয়া প্ৰতিনিধি দলে অধ্যয়ন কৰিব সামগ্ৰিক পৰিস্থিতি। জানিব পৰা মতে, ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি ভুক্তভোগীসকলৰ সৈতেও মত বিনিময় কৰিব প্ৰতিনিধি দলটোৱে।
উত্তৰ-পূবৰ ৰাজ্যখনত যোৱা ৩ মে’ৰ পৰা জাতিগত হিংসাৰ বলি হৈ শতাধিক লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে তিনি শতাধিক লোক । আনহাতে, প্ৰাণৰ মমতাত চুবুৰীয়া ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে কেইবা হাজাৰো লোকে।

চলিত বৰ্ষাকালীন অধিৱেশনত সংসদৰ উভয় সদনত মণিপুৰৰ সমস্যাকলৈ অচলাৱস্থাৰ মাজতে বিৰোধীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব লাভ কৰিছে। ইতিমধ্যে মণিপুৰৰ পৰিস্থিতিক লৈ বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।

উভয় সদনক প্ৰতিনিধিত্ব কৰি মণিপুৰলৈ অহা ২১ জনীয়া দলটোত বিৰোধীৰ একাধিক ৰথী-মহাৰথীয়ে অংশগ্ৰহণ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.