আজি ৩ ডিচেম্বৰ

➡️আজি বিশ্ব প্ৰতিবন্ধী দিৱস।
➡️আজিৰ দিনটোতে ১৮৫৭ চনত সাহিত্যিক-নাট্যকাৰ যোছেফ থিঅʼডৰ বনৰাডৰ জন্ম।
➡️১৮৮২ চনত ভাৰতৰ প্ৰসিদ্ধ চিত্ৰশিল্পী নন্দলাল বসুৰ জন্ম।
➡️১৮৮৪ চনত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম।
➡️১৮৮৮ চনত বিশ্ববিখ্যাত চছমা আৰু বিভিন্ন প্ৰকাৰৰ লেন্স নিৰ্মাতা তথা জাৰ্মান শিল্পপতি কাৰ্ল পাইছৰ মৃত্যু।
➡️১৮৮৯ চনত বিপ্লৱী, স্বাধীনতা সংগ্ৰামী ক্ষুদিৰাম বসুৰ জন্ম।
➡️১৯৭১ চনত ভাৰত-পাকিস্তানৰ যুদ্ধ আৰম্ভ। ১৬ ডিচেম্বৰত পাকিস্তান সেনাৰ আত্মসমৰ্পন। এই যুদ্ধৰ আৰম্ভণিতে বাংলাদেশে এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে স্বীকৃতি লাভ কৰে। ভাৰত-পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ জৰুৰী অৱস্থা ঘোষণা।
➡️১৯৭৫ চনত লাওছ গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত।
➡️১৯৭৯ চনত প্ৰসিদ্ধ হকী খেলুৱৈ ধ্যান চান্দৰ মৃত্যু।
➡️১৯৮২ চনত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বিষ্ণু দে’ৰ মৃত্যু।
➡️১৯৮৪ চনত মধ্য প্ৰদেশৰ ভূপালত কীটনাশক প্ৰস্তুতকাৰক কোম্পানী এটাৰ বিষাক্ত গেছ নিৰ্গত হৈ দহ হাজাৰৰো অধিক লোকৰ মৃত্যু।
➡️১৯৯০ চনত সংযুক্ত জাৰ্মানীৰ প্ৰথম নিৰ্বাচনত হেলমুট কোল প্ৰধানমন্ত্ৰী ( চেন্সেলৰ) ৰূপে নিৰ্বাচিত।

You might also like
Leave A Reply

Your email address will not be published.