মামা’ই আছিল ছ্যুকাফা দিৱসৰ প্ৰথম উদ্যোক্তা! ‘অসম দিৱস’ৰ আঁৰৰ কাহিনী

'অসম দিৱস'ৰ আঁৰৰ কাহিনী

‘মামা’ই আছিল ছ্যুকাফা দিৱসৰ প্ৰথম উদ্যোক্তা! ‘অসম দিৱস’ৰ আঁৰৰ কাহিনী

🔹️শান্তনু বৰগোহাঁই

বয়সৰ জোখেৰে তেতিয়া মাত্ৰ চাব্বিশ। বছৰটো আছিল ১২১৫ চন। ন হেজাৰ মুনিহ তিৰোতা, আঠ গৰাকী ডাঙৰীয়া,তিনি হেজাৰ ঘোঁৰা আৰু দুটা হাতীৰে তেওঁ এক অনিশ্চিত ভবিষ্যত সমুখত লৈ আগবাঢ়িছিল । এদিন দুদিনকৈ অৰঙে দৰঙে পাৰ হৈ গৈছিল তেৰটা বছৰ।
আৰু এদিন এনেকৈয়ে ‘দৈ কাও ৰাং’ মানে পাটকাই পৰ্ব্বতৰ পাংটো গিৰিপথেৰে আহি তেওঁ উপস্থিত হৈছিলহি সৌমাৰপীঠত। দিনতো আছিল ১২২৮ চনৰ ডিচেম্বৰ মাহৰ ২ তাৰিখ,১৬ আঘোন। এইজনেই হ’ল অসমীয়া জাতি গঠনৰ দিশত প্ৰথম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মহান ৰাজন ছ্যুকাফা।
প্ৰায় আঠশ বছৰৰ পূৰ্বে সংঘটিত এই বিশেষ দিনটোক স্মৰণীয় কৰি ৰাখিবলৈকে আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় ছ্যুকাফা দিৱস বা অসম দিৱস।
১৯৭২ চনত শদিয়াত প্ৰয়াত ভীমকান্ত বুঢ়াগোহাঁই ওৰফে মামাৰ একক প্ৰচেষ্টাত সৰ্ব প্ৰথমে ছ্যুকাফা দিৱস উদযাপন কৰা হৈছিল ।শদিয়াৰ পাটিদৈ নগাৱঁৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হৈছিল সেই বিশেষ অনুষ্ঠানটি। ইয়াৰ পৰৱৰ্তী দুটা বছৰ ভীমকান্ত বুঢ়াগোহাঁই, তদানীন্তন শদিয়াৰ মৌজাদাৰ ভৱানন্দ বুঢ়াগোহাঁই আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সহযোগত একে স্থানতে উলহ-মালহকৈ ছ্যুকাফা দিৱস পালন কৰা হৈছিল। ১৯৭৪ চনত সেই ছ্যুকাফা দিৱসৰ মূলসভাত সভাপতিত্ব কৰিছিল ডঃ লীলা গগৈয়ে। সেই সভাতে তেখেতে চ্যুকাফা দিৱসক ৰাজ্যিক মৰ্য্যাদা প্ৰদান কৰি সমগ্ৰ অসমতে এই দিৱসটি উদযাপন কৰাৰ দাবী উত্থাপন কৰিছিল। এই সভাখনৰ উদ্বোধক আছিল ডঃ মহেন্দ্ৰ বৰা আৰু নিৰ্দিষ্ট বক্তাৰ দায়িত্ব দিয়া হৈছিল ডঃ নগেন শইকীয়াক।
১৯৮১ চনত কেইবাটাও জাতীয় সংগঠনৰ উদ্যোগত চৰাইদেউত অতি আড়ম্বৰপূৰ্ণ ভাৱে কেন্দ্ৰীয় ছ্যুকাফা দিৱস পালন কৰা হৈছিল।
১৯৮৭ চনত ‘আজিৰ সময়’ পত্ৰিকাত সুখ্যাত লেখক পদ্ম বৰকটকী, ডাঃ ধ্ৰুৱজ্যোতি বৰা আৰু ডঃ লীলা গগৈয়ে ছ্যুকাফা আৰু ছ্যুকাফা দিৱস সম্পৰ্কে কেইবাটাও চিন্তাউদ্ৰেককাৰী প্ৰৱন্ধ লিখি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সেই বছৰতে তেতিয়াৰ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰে দুই ডিচেম্বৰৰ দিনটো বৃহত্তৰ অসমীয়া জাতিৰ লগতে বৰ অসম গঢ়া মহান ছ্যুকাফাৰ সোঁৱৰণত প্ৰতি বছৰে ‘অসম দিৱস’ ৰূপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
১২৬৮ চনত সৰ্বমুঠ ৩৯ বছৰ ৪ মাহ ১৪ দিন সগৌৰৱেৰে বৰ অসমৰ শাসনৰ বাঘজৰী নিজ হাতত ৰাখি মহান অসমীয়া জাতি গঢ়োতা ছ্যুকাফাই এই ধৰাৰ পৰা কায়িক ভাৱে বিদায় লৈছিল।
আজিৰ এই পূণ্য দিনত বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং ছ্যুকাফাক শ্ৰদ্ধাৰে সোঁৱৰিছো।।

You might also like
Leave A Reply

Your email address will not be published.