ৰাজস্থানৰ চুৰুত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাত তিনি শিশুসহ নিহত কমেও চাৰি জন লোক

নেচনেল ডেস্ক:

ৰাজস্থানৰ চুৰুত ভয়ংকৰ পথ দুৰ্ঘটনা। চুৰুৰ সৰদাৰ চহৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। চুইফ্ট আৰু আন এখন বাহনৰ মাজত সংঘটিত হোৱা তীব্ৰ সংঘৰ্ষত তিনি শিশুসহ নিহত কমেও চাৰি জন লোক। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় পাঁচ জনকৈ লোক। জানিব পৰা মতে, শিশুসহ ৯ জন লোকে বিৱাহ অনুষ্ঠানলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক শ্ৰীদুংগৰগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.