আজি ৫ জানুৱাৰী

▶️১৫৯২ চনৰ এই দিনটোতেই মোগল সম্ৰাট শ্বাহজাহানৰ জন্ম হৈছিল।
▶️১৮৪৬ চনৰ এই দিনটোতেই জাৰ্মান সাহিত্যিক, দাৰ্শনিক ৰুডলফ ক্ৰিষ্টফ ইউকেনৰ জন্ম হৈছিল। ১৯০৮ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৯৫ চনৰ এই দিনটোতেই ৰাধানাথ চাংকাকতিৰ সম্পাদনাত অসমৰ প্ৰথম ইংৰাজী ভাষাৰ সাদিনীয়া সংবাদ পত্ৰ ‘টাইমছ অৱ আছাম’ প্ৰকাশ পাইছিল।
▶️১৯২৮ চনৰ এই দিনটোতেই পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ জন্ম হৈছিল।
▶️১৯৫৭ চনৰ আজিৰ দিনটোতেই ভাৰতত কেন্দ্ৰীয় বিক্ৰীকৰ আইন প্ৰৱৰ্তন।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই ভাৰতত প্ৰথম আয়ুৰ্বেদিক বিশ্ববিদ্যালয় উদ্বোধন কৰা হৈছিল।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই বি কে নেহৰুৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৭৩ চনৰ ১৮ ছেপ্টেম্বৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮২ চনৰ এই দিনটোতেই সংগীত পৰিচালক চি ৰামচন্দ্ৰনৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিশিষ্ট গল্পকাৰ গোবিন্দ চন্দ্ৰ পৈৰাৰ দেহাৱসান ঘটিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ছাৰ্ক শীৰ্ষ সন্মিলনত বাজপেয়ী-মুছাৰফৰ সাক্ষাৎ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই দেশজুৰি শিশুক পালছ পলিঅ’ৰ প্ৰতিষেধক প্ৰদান।
▶️১৮৯০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম বেৰিষ্টাৰ গণেন্দ্ৰমোহন ঠাকুৰৰ মৃত্যু হৈছিল।
▶️২০০৬ চনৰ এই দিনটোতেই অসম লেখিকা সমাৰোহ সমিতিৰ ৰঙিয়া অধিৱেশন আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.