মণিপুৰ আৰক্ষীৰ বৃহৎ সফলতা!

নৰ্থ-ইষ্ট ডেস্ক:

মণিপুৰ আৰক্ষীৰ বৃহৎ সফলতা। ৰাজ্যখনৰ পূৱ ইম্ফল জিলাৰ হেইংগাং থানাৰ অন্তৰ্গত মন্ত্ৰীপুখৰী বজাৰত ধন দাবীৰ চেষ্টা চলাই থকা অৱস্থাত গ্ৰেপ্তাৰ মণিপুৰ জনজাতি বিপ্লৱী সেনাৰ অধ্যক্ষসহ আন এজন সদস্য। ধৃত দুই বিদ্ৰোহীৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা মোবাইল হেণ্ডছেট আৰু কিছুমান অভিযোগনামা দাখিল কৰা নথি-পত্ৰ। ধৃত অধ্যক্ষ মণিপুৰৰ কাছম থানাৰ অন্তৰ্গত মন্থুৰাম গাঁৱৰ চুইৰেই মাকুং বুলি জানিব পৰা গৈছে। আনজন বিদ্ৰোহী মণিপুৰৰ চাণ্ডেল জিলাৰ লুংটিন গাঁৱৰ আসোনাম শ্বিংলাই টাংখুল বুলি জানিব পৰা গৈছে। জব্দকৃত সামগ্ৰীসমূহৰ সৈতে আটকাধীন বিদ্ৰোহীকেইজনক মণিপুৰৰ হাইংগাং আৰক্ষী থানাত গতাই দিয়া হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.