▶️১৬৫৭ চনৰ আজিৰ দিনটোতেই মোগল সম্ৰাট শ্বাহজাহান আকস্মিকভাৱে অসুস্থ হৈ পৰিছিল। সিংহাসন দখলৰ বাবে আৰম্ভ হৈছিল পাৰিবাৰিক সংঘৰ্ষ।
▶️১৭৬৬ চনৰ এই দিনটোতেই আধুনিক পদাৰ্থ বিজ্ঞানৰ অন্যতম ৰূপকাৰ আৰু পাৰমাণৱিক তত্ত্বৰ বিশ্লেষক জন ডেল্টনৰ ইংলেণ্ডত জন্ম হৈছিল।
▶️১৮৬০ চনৰ আজিৰ দিনটোতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত সমাজসেৱিকা জেনী এডামছৰ জন্ম হৈছিল। ১৯৩১ চনত তেঁও লাভ কৰিছিল শান্তিৰ নোবেল বঁটা।
▶️১৮৭৬ চনৰ এই দিনটোতেই ইনচুলিনৰ আৱিষ্কাৰক জন জেমছ মেকলিয়ডৰ জন্ম হৈছিল। কানাডাৰ এইগৰাকী জীৱবিজ্ঞানীয়ে ১৯২৩ চনত যুটীয়াভাৱে লাভ কৰিছিল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই দ্বিতীয় মহাসমৰত আমেৰিকাই নিজকে নিৰপেক্ষ বুলি ঘোষণা কৰিছিল।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই হিন্দুস্তানী যন্ত্ৰসংগীতৰ কিংবদন্তি শিল্পী আলাউদ্দিন খাঁৰ মৃত্যু ঘটিছিল।
▶️১৯৮৮ চনৰ এই দিনটোতেই মানহানি বিধেয়কৰ প্ৰতিবাদত সমগ্ৰ ভাৰততে সংবাদপত্ৰ কৰ্মীৰ দিনজোৰা অভূতপূৰ্ব ধৰ্মঘট। পৰিনতিত সেই দিনটোত দেশৰ এখনো দৈনিক সংবাদপত্ৰ প্ৰকাশ পোৱা নাছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন টেলিভিছন সংস্থাৰ কেইজনমান মাৰ্কিন প্ৰশ্নকৰ্তাৰ উত্তৰত ছোভিয়েট ৰাছিয়াৰ তদানীন্তন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভ আৰু ৰুচ গণৰাজ্যৰ ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনে মন্তব্য কৰে যে তেওঁলোকৰ দেশত কমিউনিজম ব্যৰ্থ হৈছে।ৰাছিয়ালৈ কমিউনিজম অহাটো এক দুৰ্ভাগ্যজনক ঘটনা।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই জাপানৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা আকিৰা কুৰোছোৱাৰ মৃত্যু ঘটিছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ভাৰতত প্ৰথমবাৰৰ বাবে ধৰ্মভিত্তিক লোকপিয়লৰ তথ্য প্ৰকাশ পাইছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৬ ছেপ্টেম্বৰ
Next Post
You might also like