বিশ্বকাপ ২০২৩ৰ বাবে টীম ইণ্ডিয়াৰ দল ঘোষণা!

১৫ জনীয়া দল ঘোষণা কৰাৰ সময়তে কেপ্তেইন ৰোহিত শৰ্মাৰ সহঃ অধিনায়ক হিচাপে নিযুক্তি অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক

স্প’ৰ্টছ ডেস্ক:

ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ২০২৩ৰ বাবে টীম ইণ্ডিয়াৰ দল ঘোষণা। মঙলবাৰে এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰাৰ সময়তে কেপ্তেইন ৰোহিত শৰ্মাৰ সহঃ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক । টীম ইণ্ডিয়াৰ কেপ্তেইন ৰোহিত শৰ্মা আৰু বি চি চি আইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদ মাধ্যমক সম্বোধন কৰি আগন্তুক বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া দলটোৰ নাম প্ৰকাশ কৰে।

বিশ্বকাপ ২০২৩ৰ ভাৰতীয় দলটো- ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, ঈশান কিষাণ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া (সহঃঅধিনায়ক), সূৰ্য্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ চিৰাজ আৰু কুলদীপ যাদৱ।।

You might also like
Leave A Reply

Your email address will not be published.