আজি ৭ জুলাই

▶️আজি আন্তৰ্জাতিক সমবায় দিৱস।
▶️১৩০৭ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্ৰথম এডৱাৰ্ডৰ মৃত্যু।পুত্ৰ দ্বিতীয় এডৱাৰ্ড ইংলেণ্ডৰ ৰাজ সিংহাসনত অধিষ্ঠিত।
▶️১৭৬৩ চনৰ এই দিনটোতেই মীৰজাফৰ পুনৰ বংগৰ নবাব পদত অধিষ্ঠিত।
▶️১৮৯৬ চনৰ আজিৰ দিনটোতেই ভাৰতলৈ চিনেমাৰ আগমন। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰথম চিনেমা প্ৰদৰ্শন।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰহস্য উপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু।
▶️১৯০৫ চনৰ আজিৰ দিনটোতেই লৰ্ড কাৰ্জনৰ বংগ বিভাজন ঘোষণা।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই মিজো নেচনেল ফ্ৰন্টৰ শীৰ্ষ নেতা লালডেংগাৰ ৬৩ বছৰ বয়সত লণ্ডনত মৃত্যু।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত উৰ্দু লেখিকা কাৰ্টুন এন হাইদৰলৈ ১৯৮৯ চনৰ জ্ঞানপীঠ বঁটা।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ওছামা বিন লাডেনক আশ্ৰয় দিয়াৰ অভিযোগত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আফগানিস্তানৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বাটালিকত ভাৰতীয় সেনা আৰু পাক অনুপ্ৰৱেশকাৰীৰ মাজত ভয়াবহ যুদ্ধ। ভাৰতীয় সেনাৰ জুবাৰ হাইট অধিকাৰ।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই বিশ্বৰ নতুন সপ্ত আশ্চৰ্য্যৰ তালিকাৰ শীৰ্ষত তাজমহল।।

You might also like
Leave A Reply

Your email address will not be published.