আজি ৮ জুলাই

▶️১৬৯৫ চনৰ আজিৰ দিনটোতেই নেডাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ মৃত্যু হৈছিল। ১৬৫৭ চনত তেঁও প্ৰথম পেণ্ডুলাম ঘড়ী সাজি উলিয়াইছিল।
▶️১৮২২ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমান্টিক কবি শ্বেলীৰ (সম্পূৰ্ণ নাম পাৰ্চি বিছি শ্বেলী) মৃত্যু ঘটিছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই বিশ্বৰ প্ৰসিদ্ধ সংবাদপত্ৰ ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ প্ৰথম প্ৰকাশ।
▶️১৯১৮ চনৰ এই দিনটোতেই ভাৰতৰ সংবিধান সংস্কাৰ সম্পৰ্কে মন্টে-ফোৰ্ড শাসন সংস্কাৰ প্ৰতিবেদন প্ৰকাশ। চৰকাৰীভাৱে ইয়াৰ নাম Government of India Act of 1919, কিন্তু ভাৰতৰ সচিব মন্টেড আৰু ভাইচৰয় লৰ্ড ছেমছফোৰ্ডৰ যুটীয়া উদ্যোগত প্ৰৱৰ্তিত বাবে এই প্ৰতিবেদন (পিছলৈ আইন) মন্টেড-ছেমছফোৰ্ড শাসন সংস্কাৰ, সংক্ষেপে মন্টে-ফোৰ্ড শাসন সংস্কাৰ ৰূপেই অধিক পৰিচিত।
▶️১৯২৭ চনৰ আজিৰ দিনটোতেই সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম।
▶️১৯২৮ চনৰ আজিৰ দিনটোতেই সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই তৎকালীন বিশ্বৰ সৰ্ববৃহৎ খাল ভাক্ৰা-নাংগল জলবিদ্যুৎ প্ৰকল্প মুকলি।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই বিয়ন বৰ্গৰ তৃতীয়বাৰৰ বাবে উইম্বলডন খিতাপ অৰ্জন।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই আৰ্জেন্টিনাক ১-০ গ’লত পৰাস্ত কৰি পশ্চিম জাৰ্মাৰ্নী বিশ্বকাপ ফুটবলৰ চেম্পিয়ন।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ছুডানত বিমান দুৰ্ঘটনাত ১১৬ গৰাকীৰ প্ৰাণহানি।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই শিল্পী,আবৃত্তিকাৰ ঈশান বৰুৱাৰ মৃত্যু।
▶️২০০৭ চনৰ এই দিনটোতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.