অৱশেষত গ্ৰেপ্তাৰ হ’ল আল কায়দাৰ ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী আবু তালহা!

বাংলাদেশৰ ঢাকাৰ ছাবুজবাগ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ‘মষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদীটোক

নিউজ ডেস্ক:

ৱশেষত গ্ৰেপ্তাৰ হ’ল আল কায়দাৰ ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী আবু তালহা। বাংলাদেশত গ্ৰেপ্তাৰ হয় আল কায়দাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ইক্ৰামূল হক ওৰফে আবু তালহা। ধৃত তলহাৰ বিৰুদ্ধে কমেও ১০টা গোচৰ বিচাৰাধীন হৈ আছে ভাৰতত। খবৰ মতে, কলকাতা আৰক্ষীৰ এছটিএফে দিয়া তথ্যৰ ভিত্তিত বাংলাদেশৰ ঢাকাৰ ছাবুজবাগ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ‘মষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদীটোক।

ইক্ৰামুল হক ওৰফে তালহা কুখ্যাত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ ভাৰতীয় উপমহাদেশৰ মুৰব্বী। কলকাতা আৰক্ষীৰ সূত্ৰ অনুসৰি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক দেশলৈ অনাৰ বাবে বাংলাদেশ আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে। তথ্য মতে, আল কায়দাৰ শ্লিপাৰ মডিউল তৈয়াৰ কৰি অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ যুৱক-যুৱতীক মূলতঃ তালহাৰ নিৰ্দেশত নিযুক্তি দিয়া হৈছিল। উল্লেখযোগ্য যে,
বাংলাদেশত তালহাৰ পত্নীসহ আন ৪ সন্ত্ৰাসবাদীকো গ্ৰেপ্তাৰ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.