আজি ৯ জুলাই

▶️১৫৩৩ চনৰ আজিৰ দিনটোতেই বংগৰ বৈষ্ণৱ কবি শ্ৰীচৈতন্য দেৱৰ মৃত্যু।
▶️১৮১০ চনৰ এই দিনটোতেই আৰ্জেন্টিনাৰ স্বাধীনতা লাভ।
▶️১৮১৯ চনৰ আজিৰ দিনটোতেই আধুনিক চিলাই কলৰ আৱিষ্কাৰক ইলিয়াছ হাওৰ আমেৰিকাৰ মেচাচুছেটছ চহৰত জন্ম।
▶️১৮৭৫ চনৰ এই দিনটোতেই মুম্বাইত ভাৰতৰ প্ৰথমটো ষ্টক এক্সেঞ্জ প্ৰতিষ্ঠা।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা (১৯৫১-৫৬) ঘোষণা।
▶️১৯৬৯ চনৰ এই দিনটোতেই ‘সিংহ’ক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ দশম লোকসভা গঠন।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই প্ৰগতিশীল কবি,’পথাৰৰ কবি’ খ্যাত ৰাম গগৈৰ মৃত্যু।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই মংগল গ্ৰহ অভিমুখি মহাকাশযান ‘পাথফাইণ্ডাৰ’ৰ মংগল গ্ৰহত পৃথিৱীৰ দৰে শিলৰ গঠনৰ আৱিষ্কাৰ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ৰাজ্যসভাৰ উপাধ্যক্ষ পদত চতুৰ্থবাৰৰ বাবে নাজমা হেপতুল্লা নিৰ্বাচিত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই নুমলীগড়ত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ মুকলি।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই পাক অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা ভাৰতীয় সেনাৰ বাটালিক উদ্ধাৰ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই চৈয়দ আব্দুল মালিক আৰু ভৱেশ সান্যালক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান।
▶️২০০২ চনৰ আজিৰ দিনটোতেই সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ মৃত্যু।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই বিশ্বকাপ ফুটবলত ইটালীৰ খিতাপ দখল।।

You might also like
Leave A Reply

Your email address will not be published.