আজি ৭ ফেব্ৰুৱাৰী

▶️আজি গ্ৰেনেডাৰ স্বাধীনতা দিৱস।
▶️১৮১২ চনৰ আজিৰ দিনটোতেই ইংৰাজ সাহিত্যিক,ঔপন্যাসিক চাৰ্লছ ডিকেন্সৰ জন্ম হৈছিল।
▶️১৮৮৫ চনৰ এই দিনটোতেই মাৰ্কিন সাহিত্যিক ছিনক্লেয়াৰ লুইৰ জন্ম হৈছিল। ১৯৩০ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই জৰ্ডানৰ ৰজা হুছেইন হ’বন টালালৰ ৬৩ বছৰ বয়সত মৃত্যু হৈছিল। ১৯৫২ চনৰ পৰা তেওঁ জৰ্ডানৰ ৰজাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই একেটা ইনিংছতে দহটা উইকেট দখল কৰি অনিল কুম্বলেৰ বিশ্ব অভিলেখ। ইংলেণ্ডৰ জিম লেকাৰে ৪৩ বছৰ পূৰ্বে স্থাপন কৰা অভিলেখ ভংগ কৰিছিল কুম্বলেই।
▶️২০০১ চনৰ আজিৰ দিনটোতেই এৰিয়েল শ্বেৰন ইজৰাইলৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই হোজাইত অসম সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰম্ভ হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই টি এছ কৃষ্ণমূৰ্তিৰ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ। ২০০৪ চনৰ ১৫ মে’ পৰ্যন্ত তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০৫ চনৰ এই দিনটোতেই ভিছা আইন উলংঘাৰ অভিযোগত নৰৱেৰ মডেল নিগাৰ খানক ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.