জঘন্য!বৰ্বৰ!নাৰকীয়!!… যিয়েই নোবোলক, এই নিকৃষ্ট কাণ্ডক ভাষাৰে বৰ্নাবলৈ কঠিন হ’ব সভ্য সমাজৰ বাবে। এখন চাহ বাগানৰ দুৰ্গম স্থানত এগৰাকী কিশোৰীক ৩দিন ধৰি দলবদ্ধ ধৰ্ষণ ৩ পাষণ্ডৰ। এই জঘন্য কাণ্ডৰ পৰিকল্পনা দেখিলে বুকু কঁপি যাব আপোনাৰ । বাগানৰ মাজেৰে এটা লুংলুঙীয়া বাটেৰে মানুহ যাব নোৱাৰা এক দুৰ্গম স্থানলৈ ১৪ বছৰীয়া কিশোৰী গৰাকীক লৈ গৈছিল দুজনী পাষাণ মহিলাই। বন্যপ্ৰানীৰ বিচৰণ থলীত তাৰ পাছৰে পৰা দলবদ্ধ ধৰ্ষণেৰে ৩ দিন ধৰি বন্য উল্লাসত মতলীয়া হৈছিল ৩ পাষণ্ড। কেৱল ইমানেই নহয় শীতৰ নিশা এই দুৰ্গম স্থানলৈ ধৰ্ষণকাৰীক যোগান ধৰা হৈছিল ব্লেংকেটৰ লগতে মদ,পানীৰ বটল,বিস্কুট আদি খাদ্য সামগ্ৰী।কিন্তু নিৰ্মন, নিষ্ঠুৰ পাষণ্ডহঁতে ৩ দিনে কিশোৰী গৰাকীক খাবলৈ দিয়া নাছিল খুদকন এটাও।মানৱ সভ্যতাক জোকাৰী যোৱা এই নাৰকীয় ঘটনাৰ বৰ্ননা দিলে ডিব্ৰুগড় আৰক্ষীয়ে।
আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত ভাইজান আলীৰ লগতে দুই সহযোগী ছফৰ আলী আৰু অজয় লোহাৰ নামৰ নৰপিশাচ দুটাক। আৰক্ষীৰ জালত পৰিছে ধৰ্ষণ কৰিবলৈ চিকাৰ ৰূপে ১৪ বছৰীয়া কিশোৰী গৰাকীক আগবঢ়াই দিয়া এলিজা বেগম আৰু ফাৰিদা বেগম নামৰ বৰ্বৰ দুই মহিলা। দুৰ্গম স্থানৰ পৰা মুমুৰ্ষ অৱস্থাত মাতৃয়ে উদ্ধাৰ কৰা ধৰ্ষিতা কিশোৰী গৰাকী এতিয়াও চিকিৎসাধীন।মানৱ সমাজক চৰম লজ্জানত কৰা এই ঘটনাত জড়িত নৰপিশাচহঁতৰ ফাঁচিৰ দাবিত সৰৱ হৈ পৰিছে ডিব্ৰুগড়বাসীৰ লগতে চ’ছিয়েল মিডিয়াও।।

You might also like
Leave A Reply

Your email address will not be published.