প্ৰচণ্ড ভূমিকম্পই জোকাৰিছে তুৰস্কক!

এটাৰ পিছত আন এটা প্ৰচণ্ড ভূমিকম্পই জোকাৰিছে তুৰস্কক। সোমবাৰে তুৰস্ক আৰু ছিৰিয়াত তিনিটাকৈ ভূমিকম্পই জোকাৰি যোৱাৰ পিছত আজি পুৱা পুনৰ আন এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল দেশখনক। ৰিখটাৰ স্কেলত ৫.৯ প্ৰাবল্যত অনুভূত হয় এই ভূমিকম্পৰ।ভূমিকম্পটোৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ পৰা ২ কিলোমিটাৰ গভীৰতাত । এই তথ্য সদৰি কৰিছে ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই।

উল্লেখ্য যে, সোমবাৰে তুৰস্ক আৰু চুবুৰীয়া দেশ ছিৰিয়াত সংঘটিত হোৱা প্ৰলয়ংকাৰী ভূমিকম্পত মৃত্যু হৈছে ৪ হাজাৰৰো অধিক লোকৰ।।

You might also like
Leave A Reply

Your email address will not be published.