➡️আজি ভাৰতীয় বায়ুসেনা দিৱস।
➡️১৯০৮ চনৰ ৮ অক্টোবৰত কবি-সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল ।
➡️মহাত্মা গান্ধীৰ সম্পাদনাত ‘ইয়ং ইণ্ডিয়া’ পত্ৰিকাৰ প্ৰকাশ আৰম্ভ হৈছিল ১৯১৯ চনৰ ৮ অক্টোবৰত।
➡️১৯৩৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গল্পকাৰ তথা ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ (প্ৰকৃত নাম ধনপত ৰায় শ্ৰীবাস্তৱ) মৃত্যু হৈছিল।
➡️১৯৭৯ চনৰ ৮ অক্টোবৰত ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্ৰকাশ নাৰায়ণৰ মৃত্যু হৈছিল।
➡️উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমলা পতি ত্ৰিপাঠীৰ মৃত্যু হৈছিল ১৯৯০ চনৰ ৮ অক্টোবৰত।
➡️১৯৯৪ চনৰ আজিৰ দিনটোতে কুৱেইট সীমান্তত ইৰাকী সেনাই অৱস্থান কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধজাহাজ প্ৰেৰণ কৰিছিল।
➡এজন আমেৰিকান আৰু এজন ব্ৰিটিছ অৰ্থনীতিবিদ ক্ৰমে ৰবাৰ্ট এফ এগল আৰু ডব্লিউ জে গ্ৰেঞ্জাৰলৈ অৰ্থনীতিৰ আৰু মাৰ্কিন বিজ্ঞানী পিটাৰ এগ্ৰে আৰু ৰডেৰিক মেককিননলৈ ৰসায়নৰ ন’বেল বঁটা ঘোষণা কৰা হৈছিল ২০০৩ চনৰ ৮ অক্টোবৰত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৮ অক্টোবৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like