আজি ৯ ডিচেম্বৰ

▶️১৪৮৪ চনৰ এই দিনটোতেই প্ৰখ্যাত হিন্দী কবি-গায়ক দৃষ্টিহীন সুৰ দাসৰ জন্ম হৈছিল।
▶️১৬০৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমান্টিক কবি জন মিল্টনৰ জন্ম হৈছিল। ‘পেৰাডাইজ লষ্ট’ তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ।
▶️১৮২৫ চনৰ এই দিনটোতেই চিপাহী বিদ্ৰোহৰ বীৰ নায়ক তুলাৰামৰ জন্ম হৈছিল।
▶️১৮৯৮ চনৰ এই দিনটোতেই বংগৰ প্ৰসিদ্ধ বেলুৰ মঠ নিৰ্মাণ হৈছিল।
▶️১৮৬৫ চনৰ আজিৰ দিনটোতেই জাৰ্মান বিজ্ঞানী ফ্ৰিটজ হাবেৰৰ জন্ম হৈছিল। ১৯১৮ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯১৭ চনৰ এই দিনটোতেই ব্ৰিটেইনৰ জেৰুজালেম অধিকাৰ।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ গণ পৰিষদৰ অধিবেশন আৰম্ভ।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ ইটালীত জন্ম হৈছিল।
▶️১৯৬১ চনৰ এই দিনটোতেই টোংগানিকাৰ স্বাধীনতা লাভ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ছোভিয়েট ৰাছিয়াৰ ৰাজ্যবোৰে স্বাধীনতা লাভ কৰাৰ পাছত ৰাছিয়া,বেলুৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কমনৱেলথ অব ইণ্ডিপেণ্ডেন্ট ষ্টেট (CIS) গঠনৰ চুক্তি হৈছিল।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই অযোধ্যা কাণ্ডত মৃতকৰ সংখ্যা সাতশলৈ বৃদ্ধি হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই বিশিষ্ট নাট্যকাৰ, কথাশিল্পী মহেন্দ্ৰ বৰঠাকুৰৰ দেহাৱসান ঘটিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.