প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল ইণ্ডোনেছিয়া!

বৃহস্পতিবাৰে পুৱাই প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল ইণ্ডোনেছিয়া। পুৱা ৭:৫০ বজাত দেশখনৰ ৰাজধানী জাভা দ্বীপত অনুভূত হয় তীব্ৰ কম্পন। ৰিখটাৰ স্কেলত ৫.৮ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো। চিয়ানজুৰ চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত আৰু ১২৩ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ উৎপত্তিস্থল বুলি সদৰি কৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে। তাৎক্ষণিকভাৱে কোনো ধৰণৰ গুৰুতৰ ক্ষতি বা হতাহতৰ খবৰ পোৱা নাই।

উল্লেখ্য যে, যোৱা মাহত চিয়ানজুৰত ৫.৬ প্ৰাবল্যৰ ভূমিকম্পত ভূমিস্খলন আৰু অট্টালিকা ভাঙি যোৱাৰ লগতে ৩০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.