আজি ৮ ডিচেম্বৰ

▶️১৮৩২ চনৰ এই দিনটোতেই নৰৱেৰ সাহিত্যিক, ৰাজনীতিবিদ বৰ্নষ্টায়াৰনে মাৰ্টিনাছ বৰ্নছনৰ জন্ম হৈছিল। ১৯০৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৭৯ চনৰ এই দিনটোতেই বংগৰ বিপ্লৱী নেতা যতীন্দ্ৰ নাথ মুখোপাধ্যায়(বাঘা যতীন নামে খ্যাত)ৰ জন্ম হৈছিল।
▶️১৯০০ চনৰ এই দিনটোতেই ভাৰতৰ যশস্বী নৃত্যশিল্পী উদয় শংকৰৰ জন্ম হৈছিল।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই পাৰ্ল হাৰ্বাৰ আক্ৰমণত ক্ৰুদ্ধ হৈ জাপানৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।এইদৰে দ্বিতীয় মহাসমৰত আমেৰিকা জড়িত হৈ পৰে।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই ভাৰতৰ সংবিধান ৰচনাৰ উদ্দেশ্যে দিল্লীৰ কনষ্টিটিউচন হলত প্ৰথম সভা অনুষ্ঠিত হৈছিল।
▶️১৯৭০ চনৰ এই দিনটোতেই পি কে স্বামী অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল। ১৯৭১ চনৰ ৪ ডিচেম্বৰ পৰ্যন্ত তেওঁ অসমৰ ৰাজ্যপাল পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই ছোলী জে ছোৰাবজী ভাৰতৰ এটৰ্নী জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰেলিয়াত অনুষ্ঠিত ত্ৰিদেশীয় ক্ৰিকেট শৃংখলাৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি ৰবি শাস্ত্ৰীৰ ১৫ ৰাণত ৫টা উইকেট দখল। ই এক বিশ্ব অভিলেখ। খেলখনত ভাৰতৰ হাতত অষ্ট্ৰেলিয়া ১০৭ ৰাণত পৰাস্ত হৈছিল।
▶️১৯৯২ চনৰ এই দিনটোতেই বাবৰি মছজিদ ধ্বংসৰ বিশ্বব্যাপী প্ৰতিবাদ। দেশজুৰি বন্ধ পালন।
▶️১৯৮৯ চনৰ এই দিনটোতেই পাঁচটা সন্ত্ৰাসবাদীৰ মুক্তিৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰী মুফতি মহম্মদ ছয়ীদৰ কন্যা ডাঃ ৰুবীয়া ছয়ীদক কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ দ্বাৰা অপহৰণ। ১২২ ঘন্টাৰ পিছত চৰ্তসাপেক্ষে ৰুবীয়াই মুক্তিলাভ কৰে।
▶️২০০২ চনৰ এই দিনটোতেই বীৰাপ্পানৰ দ্বাৰা অপহৃত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী নাগাপ্পাৰ মৃতদেহ উদ্ধাৰ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই হেপাটাইটিছ-বি ৰোগত ভাৰতত এবছৰত ১০০০ লোকৰ মৃত্যুৰ বাতৰি ঘোষণা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক খ্যাতিসম্পন্ন এথলীট তথা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এক উজ্জ্বল তাৰকা জুনুমণি শইকীয়াৰ মৃত্যু হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.