অসমত বিদেশী বহিষ্কাৰ তথা অগপ দলৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক খনীন মহন্তৰ পৰলোকপ্ৰাপ্তি

নিউজ ডেস্ক:

অসমত বিদেশী বহিষ্কাৰ তথা অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন, মাধ্যম আন্দোলনৰ সংগ্ৰামী নেতা, অগপ দলৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক খনীন মহন্তৰ আজি দিনৰ প্ৰায় ২-৩০ বজাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে। ৭৫ বছৰীয়া খনীন মহন্তই দীৰ্ঘদিন ধৰি স্নায়ুৰ ৰোগত আক্ৰান্ত হৈ আছিল। তিনিদিন পূৰ্বে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হৈছিল মহন্তক।১৯৪৭ চনত সুন্দৰীদিয়াত জন্ম গ্ৰহণ কৰা খনীন মহন্তই ১৯৭৮ চনৰ পৰা বৰ্তমানলৈ ভৱানীপুৰ সমষ্টিৰ সৰুপেটাৰ স্থায়ী বাসিন্দা।ছাত্ৰ জীৱনৰ পৰাই সামাজিক ক্ষেত্ৰখনত বিভিন্ন সামাজিক কাম কৰা খনীন মহন্তই বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈছিল।অসমত হোৱা মাধ্যম আন্দোলন, শোধানাগাৰ আন্দোলন,অসমৰ বিদেশী বহিষ্কাৰ তথা অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আন্দোলনত নেতৃত্ব দিছিল। বিশেষকৈ ছবছৰীয়া অসমৰ অস্তিত্ব ৰক্ষা তথা অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনত খনীন মহন্তই সৱল নেতৃত্ব দিছিল। মাধ্যম আন্দোলন আৰু অসম আন্দোলনত তেওঁ কেইবাবাৰো আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ কাৰাবাস খাটিবলগীয়া হোৱাৰ লগতে আৰক্ষী-চিআৰপিৰ দ্বাৰা নিৰ্যাতিত হৈছিল।অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিচৰণ কৰি অসমৰ মাধ্যম আন্দোলন আৰু ছবছৰীয়া অসম আন্দোলনত সক্ৰিয়তাৰে আন্দোলন কৰিছিল খনীন মহন্তই। একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক খনীন মহন্তই পিছৰ পৰ্যায়ত পূৰ্বাঞ্চল লোক পৰিষদ চমুকৈ পিএলপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদত, সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পদতো অধিষ্ঠিত হৈছিল। ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক অধিষ্ঠিত হোৱা খনীন মহন্ত ১৯৮৫-৯০ বৰ্ষৰ অগপ চৰকাৰৰ দিনত অসম ৰাজ্যিক বেচা কিনা নিগমৰ অধ্যক্ষ পদত অধিষ্ঠিত আছিল।১৯৯৬-২০০১ বৰ্ষৰ অগপ চৰকাৰৰ দিনত তেওঁ এছকাৰ্ড বেংকৰ অধ্যক্ষ পদত নিযুক্ত হৈছিল। তেওঁ পূৰ্বে বৰপেটাৰ আদালতত অধিবক্তাও আছিল।অসমৰ এগৰাকী অগ্ৰণী সমাজকৰ্মীৰূপে খনীন মহন্তই সামাজিক ক্ষেত্ৰখনলৈ বহু অৱদান আগবঢ়াইছিল।অসমৰ এগৰাকী আগশাৰীৰ সুবক্তা আছিল খনীন মহন্ত। মৃত্যুৰ সময়ত খনীন মহন্তই সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক, লেখিকা ড° অমিয়া মহন্ত, একমাত্ৰ পুত্ৰ, দুগৰাকী বিবাহিতা জীয়ৰীকে ধৰি অগণন গুণমুগ্ধক এৰি থৈ যায়। খনীন মহন্তৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সৰুপেটাৰ তেওঁৰ বাসভৱনত অগণন গুণমুগ্ধ ভৰি পৰে।খনীন মহন্তৰ বিয়োগত বিভিন্ন দল-সংগঠন তথা ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.