বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ মীৰাবাঈৰ!

স্প’ৰ্টছ ডেস্ক:

অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৰ আন এক চমকপ্ৰদ প্ৰদৰ্শন। কলম্বিয়াত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২২ত ৰূপৰ পদক লাভ মনিপুৰ তনয়া মীৰাবাঈৰ।টকিঅ’ অলিম্পিক ২০২০ৰ চেম্পিয়ন চীনৰ হৌ। জিহুয়াক পৰাস্ত কৰি ৰূপৰ পদক লাভ কৰে ভাৰতৰ তাৰকা ভাৰোত্তোলক গৰাকীয়ে।

জিহুয়াৰ মুঠ ওজন ১৯৮ কেজি তুলনাত মীৰাবাঈয়ে ওজন তুলিছিল ২০০ কেজি । ইফালে, চীনৰ জিয়াং হুইহুয়াই ২০৬ কেজি ভাৰোত্তোলনেৰে স্বৰ্ণ পদক লাভ কৰে।

বিশ্ব চেম্পিয়নশ্বিপত মীৰাবাঈ চানুৰ এইটো দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে ২০১৭ চনত ১৯৪ কেজি ভাৰোত্তোলনেৰে সোণৰ পদক লাভ কৰিছিল মীৰাবাঈ।।

You might also like
Leave A Reply

Your email address will not be published.