আজি ৭ ডিচেম্বৰ

▶️১৭৮২ চনৰ এই দিনটোতেই হাইদৰ আলীৰ মৃত্যু হৈছিল। তেওঁৰেই পুত্ৰ টিপু চুলতান মহীশূৰৰ চুলতান আছিল।
▶️১৮৫৬ চনৰ আজিৰ দিনটোতেই চৰকাৰীভাৱে ভাৰতত প্ৰথম বিধৱা বিবাহ আৰম্ভ হৈছিল।
▶️১৮৭৯ চনৰ এই দিনটোতেই জাতীয়তাবাদী নেতা, প্ৰথম ভাৰতীয় গৱৰ্নৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ জন্ম হৈছিল।
▶️১৯০৬ চনৰ এই দিনটোতেই সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ এই দিনটোতেই অষ্ট্ৰিয়াৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই আয়াৰলেণ্ড আৰু ব্ৰিটেইনৰ মাজত শান্তি চুক্তি মৰ্মে আয়াৰলেণ্ডৰ স্বাধীনতা লাভ।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই সাংবাদিক-সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম হৈছিল।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই মাৰ্কিন নৌ-ঘাটি পাৰ্ল হাৰ্বাৰৰ ওপৰত জাপানৰ বিমান আক্ৰমণ।
▶️১৯৭২ চনৰ এই দিনটোতেই কুৰি শতিকাৰ অন্তিমটো চন্দ্ৰ অভিযান।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই অযোধ্যা কাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে বহু লোক নিহত। লোকসভাত বিৰোধী দলপতি পদৰ পৰা লালকৃষ্ণ আদৱানিৰ পদত্যাগ।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই মণিপুৰত কংগ্ৰেছৰ ভাঙোন। ৰিছাং কেইছিং চৰকাৰ সংখ্যালঘুত পৰিনত।
▶️২০০৪ চনৰ এই দিনটোতেই আফগানিস্তানৰ প্ৰথমজন নিৰ্বাচিত ৰাষ্ট্ৰপতি ৰূপে হামিদ কাৰজাইৰ শপতগ্ৰহণ।
▶️১৮৯৮ চনৰ এই দিনটোতেই কবি,নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ জন্ম হৈছিল।
▶️২০০৬ চনৰ এই দিনটোতেই উত্তৰাঞ্চল ৰাজ্যৰ নাম সলনি কৰি উত্তৰাখণ্ড কৰাত ৰাজ্যসভাৰ অনুমোদন।।

You might also like
Leave A Reply

Your email address will not be published.