আমেৰিকাৰ পশ্চিম অৰেগনত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা

ইণ্টাৰনেচনেল ডেস্ক:

মেৰিকাৰ পশ্চিম অৰেগনত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। প্ৰদেশখনৰ আলবানিৰ পৰা প্ৰায় ৭ মাইল উত্তৰত, ছান্টিয়ামৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। দুখন ট্ৰাক আৰু এখন যাত্ৰীবাহী বাহনৰ মাজত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত সাত গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাগৰাকী লোক । দুৰ্ঘটনাটো দিনৰ ২:০৫ বজাত ৫ নং আন্ত:ৰাজ্যিক ঘাইপথৰ উত্তৰ দিশৰ লেনত সংঘটিত হয় বুলি অৰেগন ৰাজ্যিক আৰক্ষীয়ে জানিবলৈ দিয়ে। দুৰ্ঘটনাৰ পিছতে আৰক্ষীৰ লগতে স্বাস্থ্যকৰ্মী ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.