বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত ধৰ্ষণ কিশোৰীক

নিউজ ডেস্ক:

 

ত্তৰ প্ৰদেশৰ মঞ্জাপুৰত সংঘটিত হৈছে এক জঘন্য ঘটনা । বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ পাষণ্ডৰ। এই ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হোৱা বুলি আৰক্ষীয়ে আজি জানিবলৈ দিয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি, বিদ্যালয়ৰ পৰা আহি থাকোতেই এটা লম্পট পাষণ্ডৰ কামনাৰ বলি হয় এগৰাকী ১৩ বছৰীয়া কিশোৰী। কিশোৰী গৰাকীক ঘৰত থৈ আহিম বুলি কোনো অজ্ঞাত স্থানলৈ নি ধৰ্ষণ কৰে পাষণ্ডটোৱে। ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্তই। কোনোমতে ঘৰলৈ আহি পোৱাৰ পিছত পৰিয়ালৰ লোকে চিকিত্‍সালয়লৈ লৈ যায় কিশোৰীগৰাকীক। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। অভিযুক্তক বৰ্তমানলৈ আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।।

You might also like
Leave A Reply

Your email address will not be published.