আশ্রফুল হুছেইনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ!

নিউজ ডেস্ক :

জি বৃহস্পতিবাৰে অপহৰণ আৰু ধৰ্ষণৰ গোচৰত অভিযুক্ত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিধায়ক আশ্রফুল হুচেইনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে । দিছপুৰ থানাত পঞ্জীয়নকৃৎ এক গোচৰত অভিযুক্ত হৈছিল বিধায়কজন । মন্দিয়াৰ ৰিতুল হুছেইন নামৰ এজন যুৱকে 25 জুলাই 2022 তাৰিখে অপহৰণ কৰিছিল এগৰাকী যুৱতীক আৰু এই কাণ্ডত ৰিতুল হুছেইনক সহায় কৰাৰ অভিযোগ আনিছিল বিধায়ক গৰাকীৰ বিৰুদ্ধে ভুক্তভোগী যুৱতী গৰাকীৰ পৰিয়ালে। অভিযোগ অনুসৰি MLA আবাসগৃহৰ হুছেইনৰ চৰকাৰী বাসগৃহলৈ নি নিশা ৰাখিছিল যুৱতীগৰাকীক ।
পৰৱৰ্তী সময়ত ভুক্তভোগী যুৱতীগৰাকীক নাগালেণ্ডলৈ স্থানান্তৰ কৰি শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ MLA গৰাকীৰ বিৰুদ্ধে । সম্পূৰ্ণ 45 দিনৰ মূৰত পৰিয়ালৰ লগত লগ হৈছিল যুৱতী গৰাকী ।

অভিযুক্ত AIUDF বিধায়ক গৰাকীয়ে এই সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰি কয় যে ” যদি কোনোবাই মোক লগ কৰিবলৈ আহে তেন্তে মই তেওঁলোকক লগ দিওঁ আৰু কথা হোৱাৰ পিছত বিদায় দিওঁ । ৰাইজে তেনেকৈয়ে মোক অফিচত লগ কৰে । মই তেওঁলোককো তেনেকৈয়ে লগ কৰিছিলোঁ । যদি মই কোনো ভুল কৰিছোঁ তেন্তে আইনে বিচাৰ কৰিব । আৰু যদি মই প্ৰকৃত দোষী আইনে যি শাস্তি দিয়ে সেইয়া মই পাতি লবলৈ সাজু ।”

“তেওঁলোকে এদিন আবেলি মোৰ MLA বাসগৃহত লগ কৰিবলৈ আহিছিল । যিহেতু তেওঁলোকে মোৰ লগত পূৰ্বেই যোগাযোগ কৰিছিল গতিকে মই সেইদিনা তাত উপস্থিত নথকাত তাতে থাকিবলৈ ক’লো । সেয়ে তেওঁলোকে তাত ৰাতি কটাইছিল আৰু সেই কথা মই পুলিচক অৱগত কৰিছোঁ ।” এইদৰে মন্তব্য কৰে আশ্রফুল হুছেইনে ।

You might also like
Leave A Reply

Your email address will not be published.