BBC ৰ কাৰ্যালয়ত অব্যাহত অভিযান!

নেচনেল ডেস্ক:

 

দিল্লী আৰু মুম্বাইত অৱস্থিত বিবিচিৰ কাৰ্যালয়ত বিগত তিনিদিন ধৰি অব্যাহত আছে আয়কৰ বিভাগৰ অভিযান। ১৪ ফেব্ৰুৱাৰীৰ পৰা দুয়োটা কাৰ্যালয়তে অব্যাহত আছে IT ৰ অভিযান । আয়কৰ বিভাগৰ অভিযানৰ পিছৰে পৰা এতিয়ালৈকে কোম্পানীটোৰ ফালৰ পৰা মাত্ৰ ইমানেই কোৱা হৈছে যে তেওঁলোকে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তেওঁলোকে আশা কৰিছে যে বিষয়টো অতি সোনকালে সমাধান হ’ব। মুম্বাইস্থিত বিবিচিৰ ছান্টাক্ৰুজ কাৰ্যালয়ত অভিযান চলোৱাৰ লগতে ঘটনাস্থলীত উপস্থিত থকা IT বিষয়াসকলে পৰীক্ষা কৰিছে একাউণ্ট। আনহাতে, দিল্লীস্থিত বিবিচিৰ ব্যুৰো অফিচতো চলিছে অভিযান। সূত্ৰ অনুসৰি, IT বিষয়াসকলে বিবিচিৰ সৈতে এটা নথি শ্বেয়াৰ কৰিছে। কোৱা হৈছে যে আয়কৰ বিভাগক তিনিদিনৰ বাবে অনুসন্ধানৰ অনুমতি দিয়া হৈছে।

কংগ্ৰেছকে ধৰি বহু বিৰোধী দলে বিবিচিত অভিযানৰ সময় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। বিৰোধীয়ে অভিযোগ কৰিছে যে গুজৰাট দাঙ্গা সম্পৰ্কে বিবিচিৰ বিবিচিৰ তথ্যচিত্ৰৰ বাবেই প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.