মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হেৰ’ইনসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা!

নেচনেল ডেস্ক:

মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৃহৎ পৰিমানৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ এগৰাকী মহিলা। ট্ৰলী বেগ আৰু ফাইল ফোল্ডাৰৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল ৮৪ কোটি টকা মূল্যৰ ১১.৯৪ কেজি নিষিদ্ধ হেৰ’ইন। ৰাজহ চোৰাংচোৱা সঞ্চালকালয় ভেলেণ্টাইন ডে’ত হাৰাৰেৰ পৰা নাইৰোবি ভায়া কেনিয়া এয়াৰৱেজ হৈ মুম্বাইলৈ আহিছিল এগৰাকী ভাৰতীয় মহিলা যাত্ৰী গৰাকী। ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই) মুম্বাইৰ বিষয়াসকলে গ্ৰেপ্তাৰ কৰে অভিযুক্তা মহিলা যাত্ৰী গৰাকীক।
নাৰ্ক’টিকছ ফিল্ড টেষ্টিং কিটৰ সহায়ত পৰীক্ষা কৰাৰ সময়ত এই পদাৰ্থটোৰ উপস্থিতি পজিটিভ পোৱা গৈছিল, যিটো এন ডি পি এছ আইন, ১৯৮৫ৰ অধীনত সামৰি লোৱা মাদক দ্ৰব্য মহিলা গৰাকীক হাৰাৰেত ড্ৰাগছখিনি গতাই দিয়া হৈছিল আৰু মুম্বাইত দুজন লোকক দিবলৈ কোৱ হৈছিল বুলি ৰাজহ চোৰাংচোৱা সঞ্চালকালয় সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.