অৱশেষত গুচি গ’ল মৰমৰ জিউ!

অৱশেষত জীৱনৰ সৈতে যুঁজি পৰাস্ত হ'ল মৰমৰ জিউ

নিউজ ডেস্ক:

ৱশেষত জীৱনৰ সৈতে যুঁজি পৰাস্ত হ’ল মৰমৰ জিউ । পিতৃ-মাতৃৰ অশেষ প্ৰচেষ্টা আৰু অসমবাসীৰ প্ৰাৰ্থনাইও হাস্পতালৰ পৰা ওভতাই আনিব নোৱাৰিলে কাব্যনীল পৰাশৰ তথা সকলোৰে মৰমৰ জিউক।উল্লেখ্য যে, গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভুল চিকিৎসাৰ বলি হৈছিল কণমানি জিউ।তাৰ পিছতে জিউক সুস্থ কৰি তুলিবলৈ উঠিপৰি লাগিছিল পিতৃ-মাতৃ। জিউক ভৰ্তি কৰা হৈছিল দিল্লী আৰু বাংগালুৰৰ প্ৰসিদ্ধ হাস্পতালত। দিল্লীৰ মেক্স হাস্পতালত প্ৰায় এবছৰ পূৰ্বে পিতৃ তথা সমাজকৰ্মী মৃদুল বৰ্মনে দান কৰা যকৃত সফলভাৱে সংৰোপণ কৰা হৈছিল জিউৰ দেহত। কিন্তু কিছুদিন পূৰ্বে পুনৰ অসুস্থ হৈ পৰাত গুৱাহাটীৰ আকাংক্ষা হাস্পতালত পুনৰ শিশুটিক ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে মৃত্যু ঘটে মৰমৰ জিউ বেটাৰ। মৃত্যুৱে হাত বাউলি পিতৃ-মাতৃৰ বুকুৰ পৰা কাঢ়ি নিয়াত এতিয়া শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে সমগ্ৰ অসমবাসী।

You might also like
Leave A Reply

Your email address will not be published.