ইন্টাৰনেচনেল ডেস্ক :

পাকিস্তানত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । বৃহস্পতিবাৰে কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছত সংঘটিত হয় এই বিস্ফোৰণ।বিস্ফোৰণত কমেও দুজন যাত্ৰী নিহত হোৱাৰ লগতে আহত হয় আন চাৰিজন । পেছাৱৰৰ পৰা কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছ চিচাভাটনি ৰে’লৱে ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে ইকনমি ক্লাছৰ ৬ নম্বৰ দবাত সংঘটিত হয় এই বিস্ফোৰণ। আহত সকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বিস্ফোৰণৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আনহাতে, ঘটনা সন্দৰ্ভতত আৰক্ষীৰ তদন্ত অব্যাহত আছে।


উল্লেখ্য যে, কুৱেটালৈ যোৱা জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি বিস্ফোৰণ ঘটা এমাহৰ ভিতৰত এইটো দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ৩০ জানুৱাৰীত বেলুচিস্তানৰ কাছি জিলাৰ মাচ অঞ্চলৰ সমীপৰ জাফৰ এক্সপ্ৰেছত সংঘটিত হৈছিল বিস্ফোৰণ।।

You might also like
Leave A Reply

Your email address will not be published.