চৰাইদেউত আৰক্ষীৰ জালত এটা প্রৱঞ্চক!

নিউজ ডেস্ক:

 

নিশা চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষীৰ অভিযানত জালত পৰিল এটা প্রৱঞ্চক। প্ৰায় ডেৰ শতাধিক লোকৰ পৰা চাকৰিৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ যোৰহাটৰ ৰাকেশ জ্যোতি বৰা নামৰ প্রৱঞ্চকটোৰ বিৰুদ্ধে।চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱতী-যুৱতীৰ পৰা চাকৰিৰ প্ৰদানৰ নামত লক্ষাধিক টকা আত্মসাৎ কৰা প্রৱঞ্চকটোক আটক কৰিবলৈ সক্ষম হৈছে কাকতিবাৰী আৰক্ষীৰ। কাকতিবাৰী আৰক্ষীয়ে আটক কৰা প্রৱঞ্চকটোৱে প্রায় ১৫০ গৰাকী যুৱক-যুৱতীৰ পৰা দেৱদূত এম্বুলেন্স সেৱাত নিযুক্তি প্ৰদানৰ নামত ২৮০০ টকাকৈ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্রৱঞ্চকটোৱে ২০২২ বর্ষৰ মাৰ্চ মাহৰ পৰাই জিলা খনৰ বিভিন্ন প্ৰান্তৰ যুৱতী-যুৱতীৰ পৰা টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।কাকতিবাৰী আৰক্ষীয়ে প্রৱঞ্চকটোৰ সহযোগী এগৰাকী মহিলাকো কৰায়ত্ত কৰিছে আৰক্ষীয়ে।ইতিমধ্যে ভুক্তভোগীসকলৰ এজাহাৰৰ ভিত্তিত কাকতিবাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.