সদৌ তিৱা ছাত্ৰসন্থাৰ তিনি নেতাক গ্ৰেপ্তাৰ!

নিউজডেস্ক :

বুধবাৰে মৰিগাঁও জিলাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ তিনি জনকৈ নেতাক ধনদাবীৰ অপৰাধত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে । আতকাধিন নেতা কেইজন ক্ৰমে অনুপ পাটৰ , দীপাংকৰ মাছলাই , আৰু উদিত পাতৰ বুলি জানিব পৰা গৈছে । বহুকেইজন ব্যৱসায়ীৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নেতা তিনিওজনক । নেতা কেইজনৰ ভিতৰত অনুপ পাতৰ মৰিগাঁওৰ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক , দীপাংকৰ মছলাই নেলী আঞ্চলিক সমিতিৰ উপদেষ্টা আৰু উদিত পাতৰ নেলী আঞ্চলিক সমিতিৰ সভাপতি বুলি চিনাক্ত কৰা হৈছে। নিজ বাসগৃহৰ পৰা পুৱতি নিশা ২ বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেতা কেইজনক। উল্লেখ্য যে নেলীত অনুষ্ঠিত হব’লগীয়া সদৌ তিৱা ছাত্ৰসন্থাৰ অধিবেশনৰ কামত ব্যস্ত আছিল তিনিওজন নেতা ।

You might also like
Leave A Reply

Your email address will not be published.