ইণ্টাৰনেচনেল ডেস্ক:
ইউক্ৰেইনৰ সীমান্তৰ ওচৰত দুৰ্ঘটনাত পতিত হয় এখন ৰুছ সামৰিক বিমান। বুধবাৰে বেলগ’ৰডৰ কোৰোচানস্কি জিলাত সংঘটিত হয় দুৰ্ঘটনাটো। খবৰ মতে, বিমান দুৰ্ঘটনাত নিহত হয় ৬৫ জন যুদ্ধবন্দী, ছয়জন ৰুছ সদস্যকে ধৰি আন ৯ জন যাত্ৰী । দুৰ্ঘটনাৰ কাৰণ সংঘটিত বৰ্তমানেও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স আৰু আৰক্ষী। আনহাতে ইউক্ৰেইনৰ বাহিনীয়ে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ দ্বাৰা বিমানখন ভূপতিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে দুজন জ্যেষ্ঠ ৰুছ সাংসদে।।