মংগোলীয়াৰ উলানবাটাৰত ভয়ংকৰ ঘটনা!

উলানবাটাৰৰ ডুনজিংগাৰভ শ্বপিং চেণ্টাৰৰ সমীপত একাধিক বিস্ফোৰণ

ইণ্টাৰনেচনেল ডেস্ক:

মংগোলীয়াৰ উলানবাটাৰত ভয়ংকৰ ঘটনা। ৰাজধানী উলানবাটাৰৰ ডুনজিংগাৰভ শ্বপিং চেণ্টাৰৰ সমীপত সংঘটিত হয় একাধিক বিস্ফোৰণ। এখন গেছ পৰিবাহী ট্ৰাক পথৰ ওপৰত বিস্ফোৰণ হোৱাৰ ফলত সংঘটিত হয় এই ঘটনা।বিস্ফোৰণৰ ফলত নিহত হয় ২৪ জন লোক। আনহাতে ঘটনাটোত আহত হয় একাধিক লোক। ঘটনাটোৰ পিছতেই জৰুৰীকালীন কৰ্মীসকলে ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটোৰ বাসিন্দাসকলক নিৰাপদস্থলীলৈ স্থানান্তৰ কৰিছে। ট্ৰাক বিস্ফোৰণৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.