উদ্যোগপতি ৰতন টাটাক অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ নাগৰিক সন্মান অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া প্ৰদান

ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্কৰ প্ৰতি দীৰ্ঘদিনীয়া দায়বদ্ধতাৰ বাবে ভাৰতীয় উদ্যোগপতিগৰাকীলৈ আগবঢ়োৱা হৈছে এই বিৰল সন্মান।

নেচনেল ডেস্ক:

ভাৰতীয় উদ্যোগপতি ৰতন টাটাক অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ নাগৰিক সন্মান অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া প্ৰদান। খবৰ অনুসৰি বিশেষভাৱে বাণিজ্য, বিনিয়োগ আৰু দান-বৰঙণিৰ ক্ষেত্ৰত ভাৰত-অষ্ট্ৰেলিয়াৰ সম্পৰ্কৰ প্ৰতি দীৰ্ঘদিনীয়া দায়বদ্ধতাৰ বাবে ভাৰতীয় উদ্যোগপতিগৰাকীলৈ আগবঢ়োৱা হৈছে এই বিৰল সন্মান।

অষ্ট্ৰেলিয়াৰ ভাৰতস্থ উচ্চায়ুক্ত বেৰী অ’ফেৰেলে টুইটাৰত সন্মান প্ৰদান অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰি এই বিষয়ে সদৰি কৰে। কেৱল ভাৰততে নহয়, ৰতন টাটাৰ অৱদানে অষ্ট্ৰেলিয়াতো উল্লেখযোগ্য প্ৰভাৱ পেলোৱাৰ লগতে অষ্ট্ৰেলিয়া আৰু ভাৰতীয় সম্পৰ্কৰ প্ৰতি তেওঁৰ দীৰ্ঘদিনীয়া দায়বদ্ধতাৰ স্বীকৃতি স্বৰূপে অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া (এ অ’) সন্মান প্ৰদান কৰা হৈছে বুলিও উচ্চায়ুক্ত গৰাকীয়ে টুইটযোগে সদৰি কৰে।।

You might also like
Leave A Reply

Your email address will not be published.