পঞ্জাৱত জব্দ ২৯৭৫ কেজি প্লাষ্টিকৰ কেৰী বেগ

 

নেচনেল ডেস্ক :

ঞ্জাৱত জব্দ বৃহৎ পৰিমানৰ প্লাষ্টিকৰ কেৰী বেগ।মঙলবাৰে পঞ্জাৱৰ সংগ্ৰুৰ জিলাৰ সুনামত থকা প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে এটা গুদামত অভিযান চলাই জব্দ কৰে তিনি টন নিষিদ্ধ প্লাষ্টিকৰ কেৰি বেগ ।

পাটিয়ালা ৰোডৰ সুনামত অৱস্থিত এটা গুদামত অভিযান চলোৱাৰ সময়ত সুৰজ এণ্টাৰপ্ৰাইজে অবৈধভাৱে প্ৰতি ইউনিটত ২৫ কেজি প্লাষ্টিকৰ কেৰি বেগ বিক্ৰী কৰা বুলি পঞ্জাৱ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সংগ্ৰুৰ কাৰ্যালয়ৰ সহকাৰী পৰিৱেশ অভিযন্তা বিপণ কুমাৰে জানিবলৈ দিয়ে। অভিযানত ১১৯টা বেগৰ ভিতৰত ২৯৭৫ কেজি প্লাষ্টিকৰ কেৰী বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
প্ৰাথমিক তদন্তত এই কেৰী বেগসমূহ গুজৰাটৰ পৰা অনা হৈছিল বুলি জানিব পাৰিছে অভিযানকাৰী দলে।।

You might also like
Leave A Reply

Your email address will not be published.