Title: পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসান!

 

নেচনেল ডেস্ক:

ঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ দেহাৱসান। মঙলবাৰে মোহালীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় প্ৰকাশ সিং বাদলৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাত এসপ্তাহ পূৰ্বে মোহালীৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

পঞ্জাৱৰ ৫ বাৰৰ মুখ্যমন্ত্ৰী আছিল শিৰোমণি আকালী দলৰ প্ৰতিষ্ঠাতা প্ৰকাশ সিং বাদল। ৪৩ বছৰ বয়সত ১৯৭০ চনত তেঁও প্ৰথমবাৰৰ বাবে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হৈছিল। ৯৪ বছৰ বয়সতো তেওঁ ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছিল। বিগত জানুৱাৰী মাহত ক’ভিডতো আক্ৰান্ত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। এই বৰ্ষীয়ান নেতাগৰাকী আছিল পঞ্জাৱৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াযোগে শোক প্ৰকাশ কৰি পঞ্জাৱৰ নেতাগৰাকীক “ভাৰতীয় ৰাজনীতিৰ বিশাল ব্যক্তিত্ব আৰু এজন উল্লেখযোগ্য ৰাষ্ট্ৰনেতা” বুলি অভিহিত কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.