আজি ২৬ এপ্ৰিল

▶️আজি আন্তৰ্জাতিক মেধাসম্পন্ন দিৱস।
▶️আজি টাঞ্জানিয়াৰ ঐক্য দিৱস।
▶️১৪৭৮ চনৰ আজিৰ দিনটোতেই সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে ইষ্টাৰ উৎসৱ পালন।খ্ৰীষ্টানসকলৰ মাজত যীশুখ্ৰীষ্ট মৃত্যুৰ পিছত সমাধিৰ পৰা উঠি আহিছিল বুলি বিশ্বাস প্ৰচলিত। মৃত্যুৰ পৰা যীশু পুনৰ্জীৱিত হোৱা এই দিনটোত তেওঁলোকে ইষ্টাৰ উৎসৱ পালন কৰে।
▶️১৫৬৪ চনৰ এই দিনটোতেই ইংৰাজ নাট্যকাৰ, কবি উইলিয়াম শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল।
▶️১৯২০ চনৰ আজিৰ দিনটোতেই বিশিষ্ট গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ মৃত্যু হৈছিল। এটা গোটা সংখ্যাক দুটা সৰু সৰু গোটা সংখ্যাৰ যোগফল হিচাপে কিমান ধৰণে প্ৰকাশ কৰিব পাৰি,তাক নিৰ্ণয় কৰিব পৰাৰ বাবে ৰামানুজন বিখ্যাত।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই বিশিষ্ট শ্ৰমিক নেতা নিবাৰণ বৰাৰ জন্ম হৈছিল।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ক্ৰিকেটাৰ (পিছলৈ আম্পায়াৰ) ভি কে ৰামস্বামীৰ জন্ম হৈছিল। এওঁ ১৯৯৬ চনৰ বিশ্বকাপত আম্পায়াৰিং কৰিছিল।
▶️১৯৬৪ চনৰ এই দিনটোতেই টাঞ্জানিয়াৰ ঐক্য দিৱস। এই দিনটোতেই টাংগানাইকা আৰু জাঞ্জিবাৰ একত্ৰিত হৈ টাঞ্জানিয়া নামৰ নতুন ৰাষ্ট্ৰখন গঠন হয়।
▶️১৯৭৫ চনৰ এই দিনটোতেই ছিকিমক ভাৰতৰ অংগৰাজ্য হিচাপে গণ্য কৰি সংসদত গৃহীত হৈছিল বিধেয়ক। এই বিধেয়ক পিছত আইনত পৰিণত হয় আৰু সেই অনুসৰি ১৯৭৫ চনৰ ১৬ মে’ৰ পৰা ছিকিমে ভাৰতৰ অংগৰাজ্যৰ মৰ্যাদা লাভ কৰে।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ চেৰনোবিল পাৰমাণৱিক উৎপাদন কেন্দ্ৰত ভয়াবহ দুৰ্ঘটনাত ৩১ লোকৰ মৃত্যু ঘটিছিল।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই চীনত ভয়াবহ ভূমিকম্পত ১২১ গৰকী লোকৰ মৃত্যু।ৰিখটাৰ স্কেলত এই ভূমিকম্প আছিল ৬.৯ প্ৰাবল্যৰ।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ৪৬৩ ঘন্টা নাচি ভাৰতৰ ভি আৰ পি মেননৰ বিশ্ব অভিলেখ স্থাপন।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই দ্বাদশ লোকসভা ভংগ হৈ দেশত মধ্যৱৰ্তী নিৰ্বাচন ঘোষণা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.